ৰাজ্যৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব বিশ্ববিদ্যালয়সমূহে
গুৱাহাটী , তেজপুৰ , ডিব্ৰুগড় , অসম বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবকুমাৰ সঞ্জয় কৃষ্ণ (ফাইল ফটো)

ৰাজ্যৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব বিশ্ববিদ্যালয়সমূহে

গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব পৰীক্ষা

গুৱাহাটী - শেহতীয়াকৈ এছ আই কেলেংকাৰীয়ে সমগ্ৰ ৰাজ্যকে জোকাৰি যোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ সকলো চৰকাৰী নিযুক্তিয়েই নিকা কৰি তোলাৰ স্বাৰ্থতেই ৰাজ্যৰ পাচখনকৈ বিশ্ববিদ্যালয়ৰ সৈতে কথা বতৰা পাতিছে ৰাজ্য চৰকাৰে। কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেচট বৈঠকত এই কথা উত্থাপন কৰা হয়।

সেই অনুসৰিয়েই এতিয়াৰে পৰা ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব ৰাজ্যৰ এই পাচখনকৈ বিশ্ববিদ্যালয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনা অনুসৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। এই নিযুক্তি সংক্ৰান্তীয় পৰীক্ষাসমূহ এতিয়াৰে পৰা বিশ্ববিদ্যালয়সমূহৰ যোহগেদি অনুষ্ঠিত কৰা হ’ব।

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৰাজ্য চৰকাৰক জনাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব।

মুখ্য সচিবে ইতিৰমধ্যেই বুধবাৰে এই নিযুক্তি সংক্ৰান্তীয় পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবৰ বাবে বিশ্ববিদ্যালয়ৰ তালিকা ঘোষণা কৰিছে।

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com