১ নৱেম্বৰৰ পৰা বিদ্যালয়ত নিয়মিতভাৱে আনুষ্ঠানিক পাঠদান
শ্ৰেণীকোঠা (ফাইল ফটো)প্ৰতিনিধিত্বমূলক ছবি

১ নৱেম্বৰৰ পৰা বিদ্যালয়ত নিয়মিতভাৱে আনুষ্ঠানিক পাঠদান

কেন্দ্রীয় চৰকাৰৰ নতুন নির্দেশনাৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগেও বিদ্যালয় খোলা সন্দর্ভত নতুন SOP প্রকাশ কৰিব

গুৱাহাটী - ৰাজ্যৰ বিদ্যালয়সমূহত অহা ১ নৱেম্বৰৰ পৰা নিয়মিতভাৱে আনুষ্ঠানিক পাঠদান আৰম্ভ হ’ব৷ এই সন্দর্ভত শিক্ষা বিভাগে যাৱতীয় প্ৰস্তুতি চলাইছে৷ অৱশ্যে এইক্ষেত্ৰত প্রাথমিক বিদ্যালয়সমূহক বাদ দিয়া হ’ব বুলি জানিব পৰা গৈছে। কালি ৰাজ্যৰ শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই ষষ্ঠ শ্রেণীৰ পৰা পাঠদান আৰম্ভ কৰাৰ ইংগিত দিছে৷

শিক্ষা বিভাগে অহা ১৫-১৬ অক্টোবৰৰ ভিতৰত নতুন SOP প্রকাশ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ কেন্দ্রীয় চৰকাৰৰ নতুন নির্দেশনাৰ পাছত ৰাজ্যৰ শিক্ষা বিভাগেও বিদ্যালয় খোলা সন্দর্ভত নতুন SOP প্রকাশ কৰিব৷

উল্লেখযোগ্য যে নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ বর্তমান অনানুষ্ঠানিক এদিন এৰি এদিনকৈ পাঠদান চলি আছে৷ কিন্তু সমগ্ৰ ৰাজ্যৰ পৰা অহা খবৰ অনুসৰি ছাত্র-ছাত্রীৰ উপস্থিতি সন্তোষজনক নহয়৷ ইফালে পাঠদানৰ শেহতীয়া পৰিস্থিতি পর্যালোচনা কৰিবলৈ শিক্ষা বিভাগৰ প্রধান সচিবে জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ প্রতি জিলাতেই এখনকৈ কমিটী গঠন কৰি দিছে৷

বিদ্যালয় পৰিদর্শক, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কার্যবাহী অভিযন্তা আৰু জিলা প্রাথমিক শিক্ষা বিষয়াক সদস্য হিচাপে লৈ এই গুৰুত্বপূর্ণ কমিটী গঠন কৰি দিছে৷ এই কমিটীয়ে পাঠদানৰ ক্ষেত্রত সুবিধা-অসুবিধা সম্পর্কীয় সকলো দিশ পর্যবেক্ষণ কৰিব৷

For more such stories, follow us on Facebook, Twitter and Instagram. Activate Website Notifications to stay updated.

Related Stories

EastMojo
www.eastmojo.com